Show/Hide Keyboard Layout

জীৱন ভৰি তোমাৰে গান গালোঁ

- বিষ্ণুপ্ৰসাদ ৰাভা

জীৱন ভৰি তোমাৰে গান গালোঁ

দেহা বীণৰ তাঁৰ জোকাৰি

কিমান সুৰ বজালোঁ

তেও যে প্ৰভু তোমাক নেপালোঁ ।

 

সেই ৰাগিণীৰ তালে তালে

নাচনী জোনায়ে

নীল আকাশৰ চোতালতে

জ্বলে ছেৱে ছেৱে

মোৰেই সুৰত নাচেনে তাই

তোমাৰ সুৰত নাচে

তোমাৰ অসমী লীলা নুবুজিলোঁ

তেও যে প্ৰভু তোমাক নেপালোঁ ।।

Hits: 2115